11 : 91
قَالُواْ يَٰشُعَيۡبُ مَا نَفۡقَهُ كَثِيرٗا مِّمَّا تَقُولُ وَإِنَّا لَنَرَىٰكَ فِينَا ضَعِيفٗاۖ وَلَوۡلَا رَهۡطُكَ لَرَجَمۡنَٰكَۖ وَمَآ أَنتَ عَلَيۡنَا بِعَزِيزٖ
সিহঁতে ক’লে, ‘হে শ্বুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোঁহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।