Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 70 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيفوائد ذكر الله عز وجل، تزكية النفوس، أحكام المساجد
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيالأدعية المأثورة، أذكار الصلاةموضوعات الحديثالدعاء، أشراط الساعة، سنن الصلاة، صفة الصلاة
যিয়ে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, লগতে ঈছা হৈছে তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيفضائل التوحيد، صفات الجنة والنار، الإيمان بالله عز وجل، الأنبياء والرسل السابقين عليهم السلام، الحياة الآخرة، الإيمانموضوعات الحديثأهمية التوحيد، معنى «شهادة أن لا إله إلا الله»، الإيمان بالرسل عليهم السلام، الإيمان باليوم الآخرمحاور التعريف بالإسلاممحتوى للنصارى، عيسى عبد الله ورسوله، معنى الشهادتين
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيفضل الدعاء، أنواع الدعاء، أسباب إجابة الدعاء وموانعه، قيام الليل، توحيد الأسماء والصفاتموضوعات الحديثالدعاء، سعة فضل الله عز وجل، قيام الليل
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, কিছুমানে বীৰত্ব প্ৰদৰ্শনৰ বাবে যুদ্ধ কৰে, আন কিছুমানে বংশীয় আভিজাত্যৰ কাৰণে যুদ্ধ কৰে, আকৌ কিছুমানে লোকক দেখুৱাবলৈ যুদ্ধ কৰে, ইয়াৰ মাজৰ কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ বুলি গণ্য কৰা হ'ব? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيأعمال القلوب، أحكام ومسائل الجهاد وآدابهموضوعات الحديثفضل الجهاد، الإخلاص، الرياء
"কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে। সেই সময়ত জাহান্নামীসকল তাৰ চাৰিওফালে একত্ৰিত হ'ব আৰু ক'বঃ হে অমুক! তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তুমি সৎকৰ্মৰ আদেশ দিয়া নাছিলা জানো, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা নাছিলা জানো? সি ক'বঃ হয়। মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيصفات الجنة والنار