Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَعْتَكِفُ العَشْرَ الأَوَاخِرَ مِنْ رَمَضَانَ، حَتَّى تَوَفَّاهُ اللَّهُ، ثُمَّ اعْتَكَفَ أَزْوَاجُهُ مِنْ بَعْدِهِ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত জৰুৰীভাৱে এতিকাফ পালন কৰিছিল। লাইলাতুল ক্বদৰ অনুসন্ধান কৰাৰ উদ্দেশ্যে। এইটো তেখেতে প্ৰত্যেক বছৰে পালন কৰিছিল তেখেতৰ মৃত্যু পৰ্যন্ত। আনকি তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে নিয়মিতভাৱে এতিকাফ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এতিকাফ মছজিদত কৰিব লাগে। আনকি চৰীয়তৰ নিয়ম নীতি অনুসৰণ কৰি নাৰীসকলেও মছজিদতেই এতিকাফ কৰিব লাগিব। কিন্তু চৰ্ত হৈছে ফিতনা হোৱাৰ যাতে কোনো আশংকা নাথাকে।

ৰমাজানৰ শেষ দহকত এতিকাফ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কিয়নো এই সময়ছোৱাতে তেখেতে এতিকাফ কৰিছিল।

এতিকাফ হৈছে এটা ধাৰাবাহিক ছুন্নত, যিটো ৰহিত হোৱা নাই। কিয়নো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত তেখেতৰ স্ত্ৰীসকলেও এতিকাফ কৰিছিল।

সম্পাদক

ছহীহ বুখাৰী (3/ 47) (2026).

ছহীহ মুছলিম (2/ 831) (1172).

অধিক (4)

تيسير العلام.

لعبد الله البسام (ص351).

تنبيه الأفهام شرح عمدة الإحكام.

لابن عثيمين (3/ 474).