Skip to content

এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।"

«بَيْنَمَا رَجُلٌ يَمْشِي بِطَرِيقٍ وَجَدَ غُصْنَ شَوْكٍ عَلَى الطَّرِيقِ فَأَخَّرَهُ، فَشَكَرَ اللَّهُ لَهُ فَغَفَرَ لَهُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেনেতে তেওঁ ৰাস্তাৰ মাজত এডাল কাঁইট যুক্ত ঠাৰি দেখা পালে, যিটোৰ দ্বাৰা পথচাৰীয়ে আঘাত পোৱাৰ সম্ভাৱনা আছে, সেয়ে তেওঁ সেই ঠাৰি ডাল পথৰ পৰা আঁতৰাই দিলে। তেওঁৰ এই কামটোক আল্লাহে পছন্দ কৰিলে আৰু তেওঁক ক্ষমা কৰি দিলে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত পথৰ পৰা কষ্টকৰ বস্তু আঁতৰাই দিয়াৰ গুৰুত্ব বৰ্ণিত হৈছে, লগতে এইটো হৈছে আল্লাহৰ ওচৰত মাগফিৰাত লাভৰ উপায়।

নেক কৰ্মক কেতিয়াও তুচ্ছ জ্ঞান কৰা উচিত নহয়। যদিও সেয়া পৰিমাণত কম নহওক কিয়।

ইছলাম হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ধৰ্ম, তথা পৰিৱেশ আৰু সৰ্বসাধাৰণ লোকৰ নিৰাপত্তাৰ ধৰ্ম।

সম্পাদক

ছহীহ বুখাৰী (1/ 132) (652).

ছহীহ মুছলিম (3/ 1521) (1914).

অধিক (6)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 156).

شرح رياض الصالحين.

لابن عثيمين (2/ 175).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 207).